অসম

নগাৱঁৰ কামপুৰত বালি মাফিয়াৰ দপদপনি! অবৈধ্যভাবে কপিলী-বৰপানী নৈত বালি খনন…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কামপুৰৰ বৰপানী আৰু কপিলী নদীৰ বিভিন্ন এলেকাত বালি মাফিয়াৰ দৌৰাত্ম ।একাংশ লোকে দুয়োখন নদীৰ পৰা বালি সংগ্ৰহৰ বাবে মেচিন ব্যৱহাৰ কৰাত তীব্ৰ সংকট নামি আহিছে নদীখনলৈ।

উল্লেখ্য যে, কাৰ্বি আংলঙৰ পৰা হোজাই নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা কপিলী নৈ আৰু কাৰ্বি আংলং নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা বৰপানী নৈ দীৰ্ঘদিন ধৰি বালি মাফিয়াই দৌৰাত্ম চলাই আহিছিল ।দুয়োখন নদীৰ কামপুৰ বন বিভাগৰ অধিনৰ এলেকাত একাংশ অসাধু লোকে মেচিন ব্যৱহাৰ কৰি বালি সংগ্ৰহ কৰি আছে।

কিন্ত ৰহস্যজনক কাৰণত বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্তাপিত হৈছে।বন বিভাগৰ চকুৰ সন্মুখতে এই চক্ৰটোৱে অবৈধ্য ব্যৱসায় চলাই আহিছে যদিও বিভাগটোৰ নিমাত হৈ থকাত ক্ষুব্ধ কৰি তুলিছে প্ৰকৃতি প্ৰেমীক।এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী কৰিছে প্ৰকৃতিপ্ৰেমীয়ে।