অসম

কলকাতাত এইচ পি চি এলৰে বৈঠক, ভি আৰ এছ দিব বন্ধ হৈ থকা দুই কাগজ কলৰ স্থায়ী কৰ্মচাৰীক

asomiyapratidin

ডিজিটেল ডেস্কঃ নগাঁও আৰু কাছাৰ কাগজৰ বন্ধ হৈ থকা কাগজ কল দুটা ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ সাজু হোৱা চৰকাৰে কাগজ কল দুটাৰ স্থায়ী প্ৰায় ৯ শতাধিক কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। কাগজ কল দুটাৰ স্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিনিধিৰ সৈতে বুধবাৰে হিন্দুস্তান পেপাৰ কৰ্পাৰেশ্যন লিমিটিৰ চি এম ডিৰ সৈতে এই সন্দৰ্ভত কলকাতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে এইচ পি চি এলে এই প্ৰস্তাৱ দিয়ে কাগজ কল দুটাৰ স্থায়ী কৰ্মচাৰীসকলক।

লক্ষণীয় যে এই কাগজ কল দুটাত এই স্থায়ী কৰ্মচাৰীৰ বিপৰীতে প্ৰায় ৭ শতাধিক অস্থায়ী কৰ্মচাৰী কৰ্মৰত হৈ আছে। তাৰ লগতে পৰোক্ষ-প্ৰত্যক্ষভাৱে আৰু বহু সংখ্যক লোক ইয়াৰ সৈতে জড়িত আছিল যদিও, তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়া নাই কাগজ কল দুটাৰ কৰ্তৃপক্ষই। তেনে পৰিপ্ৰেক্ষিতত সেই অস্থায়ী কৰ্মচাৰীসকলৰ ভৱিষ্যত এতিয়া অন্ধকাৰময় হৈ পৰিছে।

কাগজ কল দুটা বিক্ৰী কৰিব বুলি ওলোৱা খবৰৰ পাছত কাগজ কলৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই আন্দোলনক দুৰ্বল কৰি তুলিবলৈ কাগজ কল কৰ্তৃপক্ষই এইদৰে হঠাৎ স্থায়ী কৰ্মচাৰীসকলক ভি আৰ পি দি আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে এই কাগজ কল স্থাপনৰ বাবে মাটি দান দিয়া স্থানীয় লোক আৰু অস্থায়ী কৰ্মচাৰীসকলে কাগজ কল কৰ্তৃপক্ষৰ বিৰুদ্ধে পুনৰ মাৰ বান্ধি আন্দোলনত নমাৰ হুংকাৰ প্ৰদান কৰিছে।