অসম

নগাঁৱৰ প্ৰাক্তন সাংবাদিকৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰাক্তন সাংবাদিক, ফটোগ্ৰাফাৰ তথা পলাশনি নিবাসী মৃদুল কুমাৰ বৰা (৫০) বুধবাৰে পুৱতি নিশা নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উচ্চ ৰক্তচাপজনীত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

বিগত ৮০ দশকৰ এগৰাকী প্ৰতিভাশালী সাংবাদিক মৃদুল কুমাৰ বৰাই বৰ্তমান ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগত কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী আৰু এজন পুত্ৰৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

প্ৰাক্তন সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নগাঁও প্ৰেছ ক্লাৱ, আপকু, নগাঁও জিলা সমিতি, বাৰ্তাজীৱি সংঘ, নগাঁও জিলা সমিতি, নগাঁও ইলেকট্ৰনিক মিডিয়া এচ'ছিয়েচনকে ধৰি বহু সংখ্যক অনুষ্ঠানে শোক ব্যক্ত কৰে।