অসম

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা-গীতিকাৰ হিমাদ্ৰী দেৱীৰ পৰলোক, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা হিমাদ্ৰী দেৱীৰ বুধবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও লাওখোৱা ৰোড নিবাসী তথা বিশিষ্ট গীতিকাৰ, গায়ক, শিক্ষাবিদ প্ৰয়াত জ্যোতিনাথ চক্ৰৱৰ্তীৰ সহধৰ্মিণী হিমাদ্ৰী দেৱীৰ মৃত্যুত সমগ্ৰ জিলাখনতে দেখিবলৈ পোৱা গৈছে শোকৰ ছাঁ।

বিগত কিছুদিন ধৰি অসুস্থতাত ভুগি নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হোৱা প্ৰাক্তন অধ্যাপিকাগৰাকীৰ গীতিকাৰ হিচাপেও আছে সুনাম। ৰাইজৰ হকে বিভিন্ন কাম কাজত জড়িত হৈ সমাজৰ হিতৰ বাবে চিন্তা কৰা হিমাদ্ৰী দেৱী আছিল অসম লেখিকা সন্থাৰ আজীৱন সদস্যা। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ শ্বিলংস্থিত বিশেষ প্ৰতিনিধি ধ্ৰুৱ চক্ৰৱৰ্তীৰ মাতৃ।

উল্লেখ্য যে, তেওঁ মৃত্যুৰ সময়ত ৩ পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি গৈছে। তেওঁৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।