অসম

যুৱতীয়ে চলাইছে মাৰাত্মক ড্ৰাগছৰ বেহা…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁও: ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ হোৱাৰ পিছতে আৰক্ষীক বিপাঙত পেলাবলৈ ড্ৰাগছ মাফিয়াই বৰ্তমান মহিলাক ব্যৱহাৰ কৰা দেখা গৈছে। নগাঁৱৰ মধুপুৰত মঙ্গলবাৰে পুনৰ দুগৰাকী মহিলাক নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, চহৰখনৰ মধুপুৰত ই-ৰিক্সাত ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটি দলে অভিযান চলায়।

আৰক্ষীৰ দলটোৱে ই-ৰিক্সাখনত থকা মহিলা দুগৰাকীৰ পৰা লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰাৰ লগতে নগদ ৩০ হাজাৰ টকাও জব্দ কৰে। আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰা মহিলা দুগৰাকীৰ নাম ৰেজবিনা খাতুন আৰু ৰেহানা খাতুন। ইয়াৰে ৰেজবিনা খাতুনৰ ঘৰ মৰিগাঁও জিলাৰ নেলীত হোৱাৰ বিপৰীতে ৰেহানা খাতুনৰ ঘৰ নগাঁৱৰ চলচলিত। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মহিলা দুগৰাকীক জেৰা অব্যাহত ৰাখিছে।