অসম

হাগ্ৰামাৰ লগত থকা ভিতৰুৱা অংক নিমিলাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বিৰোধিতা কৰিছে : ৰকিবুল হুচেইন

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : "অসমৰ মাটি আজি ইখনৰ পাছত সিখন চুবুৰীয়া ৰাজ্যই দখল কৰিছে ৷ কিন্তু নেডাৰ আহ্বায়ক হৈ হেলিকপ্তাৰত উঠি ঘুৰি আছা?" এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াত অনুষ্ঠিত দলংঘাট আৰু বটদ্ৰৱা মহিলা কংগ্ৰেছৰ এখনি কৰ্মী সভাত উপস্থিত থাকি ৰকিবুল হুচেইনে বৰ্তমান সময়ত হাগ্ৰামাৰ লগত থকা ভিতৰুৱা অংক নিমিলাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বিৰোধিতা কৰিছে বুলি তাৰ্পয্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

নগাঁও জিলা মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী ৰূপালী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অংশ গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাঁৰ হত্যাৰ প্ৰসংগ উত্থাপন কৰি কয় যে অসমত এতিয়া নতুন ছিণ্ডিকেটৰাজ আৰম্ভ হৈছে। চৰকাৰৰ বিপৰীতে মাত মতা সকলক দমন কৰা হৈছে ৷

এনে সময়ত মুখ্যমন্ত্ৰী মহোদয় আপুনি ক'ত বুলিও প্ৰশ্ন কৰে সাংসদ গৌৰৱ গগৈয়ে। সভাৰ আৰম্ভনিতে আদৰণি ভাষন প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা শিৱামনি বৰাই সকলো নাৰীশক্তি একগোট হৈ আগন্তুক নিৰ্বাচনত বিজেপিৰ দুৰ্নীতি, একনায়কত্ববাদৰ বিৰোদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনাই। সভাত বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাকে প্ৰমুখ্য কংগ্ৰেছ দলক শতাধিক নেতা কৰ্মী উপস্থিত থাকে।