অসম

নগাঁৱত ২২৮ জন কোভিডত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত ভয়াবহ ভাবে কোভিড সংক্ৰমণ আৰম্ভ হৈছে ৷ সোমবাৰে নগাঁও স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য মতে ২২৮ জন কোভিডত আক্ৰান্ত হৈছে ৷ বিয়লি ৪ বজালৈকে ২১৩৪ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰোতে ২২৮ জন কোভিডত আক্ৰান্ত হোৱাটো স্বাস্হ্য বিভাগে নিশ্চিত কৰে ৷ এই পৰ্যন্ত জিলাখনত সক্ৰিয় কোভিড আক্ৰান্ত আছে ৬০৩ জন ৷

দেওবাৰে নগাঁৱত কোভিডত ৮৩ জন লোক আক্ৰান্ত হৈছিল ৷ এদিনৰ ব্যৱধানত ১৪৫ জন লোক বেছিকৈ কোভিডত আক্ৰান্ত হৈছে ৷ জানিব পৰা মতে, সোমবাৰে নতুনকৈ যি ২২৮ জন কোভিডত আক্ৰান্ত হৈছে সেই সকলৰ ভিতৰত আৰক্ষীৰ লোকো আছে৷