অসম

নগাঁও কলেজৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ গুৰুত্বপূৰ্ণ ঘোষণা…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও : "কেৱল আনুষ্ঠানিক শিক্ষাই এজন ব্যক্তিক প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে ।আনুষ্ঠানিক শিক্ষাৰ লগতে অন্তৰৰ পৰাও এজন লোক মানৱীয় গুণৰাজিৰে সমৃদ্ধ হ'ব লাগিব।আত্মানুসন্ধানৰ জৰিয়তে নিজকে নিজে প্ৰশ্ন কৰিব লাগে যে প্ৰকৃততে মই মানুহ হৈছোঁ নে নাই ৷" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ চন্দ্ৰ সন্দিকৈৰ ৷ নগাঁও কলেজৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে লগতে কয় যে- মানৱীয় গুণ মানুহৰ অন্তৰত অংকুৰিত হৈয়ে থাকে ৷ ইয়াক প্ৰতিপালন কৰিব পাৰিলেহে প্ৰকৃত মানুহ হিচাপে পৰিগণিত হ'ব পাৰে।

ভাষণ প্ৰসঙ্গত তেখেতে উল্লেখ কৰে যে, ২০২৩ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী হ'ব ৷ ৪ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হ'ব। ক'লা, বিজ্ঞান, বাণিজ্য বুলি কোনো শাখা কলেজত নাথাকিব। এবছৰ পঢ়িও চাৰ্টিফিকেট লাভ কৰিব পাৰিব। লগতে দুবছৰ পঢ়ি ডিপ্লমা আৰু তিনি বা চাৰিবছৰ পঢ়ি ডিগ্ৰী লাভ কৰিব পাৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিযে ছাত্ৰসমাজক সহায় কৰিব।

ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ কয়, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ত কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকে আন্দোলনৰ পথ লোৱাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা বিশ্ববিদ্যালয়ে মীমাংসা কৰিবলৈ সাজু থকা বুলি উল্লেখ কৰে।

নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰা আৰু ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ৰূপক শৰ্মাই কয় যে, নগাঁও কলেজ বুলি ক'লে গৌৰৱ, প্ৰাপ্তি আৰু খ্যাতিৰ কথা আহে।কলেজখনত পঢ়াটো এটা সপোন।কলেজখনৰ লগত নিজকে জড়িত কৰিব পাৰি তেওঁ গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।চৰকাৰৰ পদক্ষেপকো তেওঁ শলাগ লয়।

সভাৰ আৰম্ভণিতে আদৰণি ভাষণত আগবঢ়াই অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ৷ নগাঁও কলেজত অহা বছৰৰ পৰা নতুন শিক্ষা নীতি প্ৰৱৰ্তন হব বুলি তেওঁ উল্লেখ কৰে।পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই।

ড০ দত্তই কলেজ প্ৰতিষ্ঠাপকসকলক স্মৰণ কৰে। লগতে বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলোকে কলেজৰ গৰিমা বৃদ্ধি কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে নগাঁও কলেজৰ টাইম বেংকলৈ বিধায়ক ৰূপক শৰ্মাই এটা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে। নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰী তথা শিক্ষাবিদ মনিকা শইকীয়াই নগাঁও কলেজলৈ এহেজাৰৰো অধিক কিতাপৰ এটা টোপোলা আগবঢ়ায়।

এই অনুষ্ঠানতে সতীৰ্থৰ পুঁজিৰে প্ৰকাশিত দৰ্শন বিভাগৰ পত্ৰিকা এখন উন্মোচিত কৰা হয় ৷ এই সভাত উপস্থিত থাকে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তাৰিণীপ্ৰসাদ শৰ্মাৰ পুত্ৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ দীপক কুমাৰ শৰ্মা। তেওঁ অসমীয়া বিভাগৰ শ্ৰেষ্ঠ স্নাতক দুগৰাকী ছাত্ৰীক 'তাৰিণী প্ৰসাদ শৰ্মা স্মাৰক বঁটা-২০২২' প্ৰদান কৰে।

এই অনুষ্ঠানতে এক সম্বৰ্ধনা কাৰ্যসূচী লোৱা হয়।এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষৰ বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক অলিম্পিকা বৰুৱা, ভূগোল বিজ্ঞান বিভাগৰ শ্ৰেষ্ঠ স্নাতক ত্ৰিদিপ বৰা, ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৫ম স্থান প্ৰাপ্ত প্ৰত্যুষ প্ৰতিম বৰা, ৮ম স্থান প্ৰাপ্ত চিমৰণ চুৰানা, নৱম স্থান প্ৰাপ্ত চন্দন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে। কলেজৰ এন.এছ.এছ ৰ দ্বাৰা আয়োজিত "স্কুললৈ যাওঁ ব'লা" শীৰ্ষক গ্ৰীষ্ম প্ৰশিক্ষণ শিবিৰত স্কুলত পাঠদান কৰা আৰু টাইম বেংকৰ জৰিয়তে অকলশৰীয়া কলেজৰ পৰিয়ালক সদস্যক সেৱা আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীক প্ৰশংসা পত্ৰ বিতৰণ কৰে।

এই সভাখনত উপস্থিত থাকে কলেজৰ উপাধ্যক্ষদ্বয়- বন্তি নেওগ আৰু ড০ ৰাম প্ৰসাদ পৰেল, অধ্যাপক বিশ্বজিৎ ভূঞা আৰু ড০ মানস জ্যোতি নিৰ্মলীয়া সমন্বিতে সকলো অধ্যাপক-অধ্যাপিকা আৰু সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। ৭৯ গছি চাকিৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰতিস্হা দিবসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰনি পেলোৱা হয় ৷