অসম

নগাঁৱত বিদ্যালয়ৰ চাদত কিয় আত্মহত্যা কৰিলে দশম শ্ৰেণীৰ ছাত্ৰই…

asomiyapratidin

ডিজিটেল ডেস্কঃ শিক্ষকৰ প্ৰহাৰেই কাল হ'ল। নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত প্ৰধান শিক্ষকে প্ৰহাৰ কৰাৰ পিছতে চীপ লৈ আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰই। দুৰ্ভগীয়া ছাত্ৰগৰাকীৰ নাম দিগন্ত বৰা। দিগন্তৰ ঘৰ বঢ়মপুৰৰ চুতীয়া গাঁৱত। আনদিনাৰ দৰেই শনিবাৰেও তেওঁ বিদ্যালয়লৈ আহিছিল। অভিভাৱক বা বন্ধু-বান্ধৱীসকলেও ভবা নাছিল এনে কোনো ঘটনা সংঘটিত হ'ব বুলি।

কোনো কথাত অসন্তুষ্ট হৈ শিক্ষকে বিদ্যালয় গৃহৰ পৰা বাহিৰলৈ আনি ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ। শিক্ষকৰ প্ৰহাৰত মানসিকভাৱে ছাত্ৰগৰাকী হয়তো ভাগি পৰিছিল বুলিও বহুলোকে সন্দেহ ব্যক্ত কৰিছে। বিদ্যালয়গৃহৰ চাদলৈ গৈ ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

আৰক্ষীও কিছু পলমকৈহে ঘটনাস্থলীত উপস্থিত হয়হি। বৰ্তমান সময়ত ঘটনাস্থলীত উপস্থিত প্ৰতিগৰাকী লোকেই ছাত্ৰক প্ৰহাৰ কৰা শিক্ষকগৰাকীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক শাস্তি দিয়াৰ দাবী তুলিছে।

ঘটনাৰ পিছতে বিদ্যালয়ৰ শ্ৰেণীকোঠা এৰি ওলাই যায় আন ছাত্ৰ-ছাত্ৰীসকল। উল্লেখ্য যে, নগাঁৱৰ নেহেৰুবালিত শনিবাৰে আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক অনুষ্ঠান। যাৰ বাবে আৰক্ষী-প্ৰশাসনৰ লোকসকল সেই অনুষ্ঠানত ব্যস্ত আছিল।

ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। উল্লেখ্য যে, চৰকাৰে বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আইনৰ প্ৰচলন কৰিও শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে। তাৰ পিছতো একাংশ ব্যক্তিগত বিদ্যালয়ে এনেদৰে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰি নিজৰ প্ৰাণ বিসৰ্জন কৰিবলৈও বাধ্য কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে কিয় ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰিলে।