অসম

নগাঁৱৰ লুংচুঙত চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ লুংচুঙত চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। 'সৰ্বানন্দ সোনোৱাল,পল্লব লোচন দাস আৰু চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ ধ্বনি'ৰে ছাত্ৰ সন্থাটোৱে উত্তাল কৰি তোলে লুংচুং চাহ বাগিছাৰ কাৰ্যালয়।

মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ জনজাতি ছাত্ৰ সন্থাই। চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।