অসম

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰি: এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা।ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ল ম'হ যুঁজ। ভোগালী বিহু বুলি ক'লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম'হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ল ম'হ যুঁজ।

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম'হ যুঁজত আৰু কেইবাহালো গুনা ম'হে যুঁজ কৰে ।আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম'হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।

জন বিশ্বাস অনুসৰি মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম'হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম'হ যুঁজ । আনফালে এই ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।