অসম

নগাৱত সন্ধানহীন ১৪ বছৰীয়া কিশোৰ

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ চামগুৰিৰ ৰঙামাটিৰ বাসিন্দা কৃষ্ণ কোঁৱৰৰ ১৪ বছৰীয়া পুত্ৰ অজিত কোঁৱৰ নামৰ কিশোৰজন নগাঁৱৰ আমনিৰ পৰা ৫ নবেম্বৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে।

পিতৃ কৃষ্ণ কোঁৱৰে ১০নৱেম্বৰত শালনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান পৰ্যন্ত কিশোৰজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই শালনা আৰক্ষী। যদি কোনো লোকে অজিত কোঁৱৰ নামৰ কিশোৰজনৰ সম্ভেদ পাই তেনেহলে পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।