nagaon homoeo
nagaon homoeo 
অসম

অৱশেষত মৃত্যু ঘন্টা বাজিল দুখনকৈ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: অৱশেষত মৃত্যু ঘন্টা বাজিল দুখনকৈ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ৷ খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিজা জিলা নগাঁৱৰ অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়খনৰো মৃত্যু ঘন্টা বাজিল ৷

জানিব পৰা মতে ৰাজ্যৰ আয়ুষ বিভাগৰ সঞ্চালক এম এছ লক্ষ্মী প্ৰিয়াৰ এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়খনি বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিছে ৷ ২০২২-২০২৩ বৰ্ষত চিকিৎসা মহাবিদ্যালয় খনত নতুনকৈ নামভৰ্তি নহয় ৷ এই সৰ্ন্দভত চৰকাৰীভাৱে নিৰ্দেশনা জাৰি কৰা হৈছে ৷

নগাঁৱৰ লগতে যোৰহাটত থকা ডা° জে কে শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০২২-২৩ বৰ্ষৰ বাবে নামভৰ্তি বন্ধ কৰা হৈছে ৷ নগাঁও আৰু যোৰহাটত থকা দুয়োখনকৈ হোমিঅ’পেথিক মহাবিদ্যালয়ত নামভৰ্তি বাৰন কৰি ভৱিষ্যতৰ দিনৰ বাবে দুয়োখন চিকিৎসামহাবিদ্যালয় বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

নগাঁও আৰু যোৰহাটৰ হোমিঅ’পেথিক মহাবিদ্যালয় দুখনৰ ২০২২-২৩ বৰ্ষৰ নামভৰ্তি বাৰন কৰি গুৱাহাটী পাঞ্জাবাৰীত থকা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগত একত্ৰিকৰণ কৰা হৈছে ৷

যোৱা ১৯ অক্টোৱৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত অনুস্থিত এক সভাত ৰাজ্যৰ তিনিওখন হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল একত্ৰিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই সিদ্ধান্ত অনুসৰিয়ে ২০২২-২০২৩ বৰ্ষৰ নতুন নামভৰ্তিকৰণ বন্ধ কৰা হৈছে নগাঁও আৰু যোৰহাটত ৷