অসম

নগাঁৱৰ চকলাঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ চকলাঘাটত নগাঁও জিলাৰ সাহিত্য সভাৰ উদ্যোগত আৰু চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱসটি উদযাপন কৰা হয় । চকলাঘাট ৰাস মন্দিৰ প্ৰাঙ্গনত লোক শিল্পী গুণ শইকীয়া সোঁৱৰণী মুকলি মঞ্চত অনুষ্ঠিত হোৱা জ্যোতি দিৱসৰ কাৰ্য্যসূচীত পুৱা পতাকা উত্তোলন, এশ পাঁচ গছি বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণেৰে অনুষ্ঠানৰ শুভাৰাম্ভণি কৰে। এই সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃনালিনী দেৱী।

ইয়াৰ উপৰিও দিনজোৰা কাৰ্য্যাসূচীত নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, ৰূপক শৰ্মা, সুৰজিৎ ভাগৱতী, জীনা ৰাজকুমাৰীকে প্ৰমুখ‍্য কৰি বহু গন্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। জ্যোতি দিৱসৰ লগত সংগতি ৰাখি দীপ্তি দেৱী শৰ্মাৰ "নীড়হাৰা পখীৰ ক্ৰন্দন" ," শুভ্ৰ গিৰিমালাৰ শিখৰে শিখৰে " আৰু গম্ভীৰ শইকীয়াৰ ৰছিত "কৃষ্ণ শুনি বজোৱাচোন সেই বাঁহীৰ সুৰ " নামৰ তিনিখন কৈ গ্ৰন্থ উন্মোচিত কৰা হয় ৷