অসম

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ‘বৃহৎ পৰিসৰত গছ পুলি ৰোপণ’ কাৰ্যসূচী

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্বাৱধানত সমগ্ৰ দেশতে মঙলবাৰে 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী অনুষ্ঠিত হৈছে। তাৰ লগত সংগতি ৰাখি শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত মংগলবাৰে নগাৱঁৰ বৰভেটি গাওঁ পঞ্চায়তৰ মুকলি মঞ্চত গছ পুলি ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচী সম্পন্ন হয়।

বৰভেটি গাওঁ পঞ্চায়ৰ কাৰ্যালয়ৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰ শিমলুগুৰিলৈ অহা পথৰ দাঁতিত গছ পুলি ৰোপণ কাৰ্যসূচীৰ আৰম্ভনি কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ পুটুল চন্দ্ৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই। ইয়াৰ পাছতে নগাঁও জিলাৰ বৰভেটি, ননৈ, বৰকছাৰী গাঁও, মাহৰি আটি, কাছমাৰী, শিমলুগুৰি, চিলঙনী আদি বিভিন্ন প্ৰান্তৰ দুশ কৃষক ৰাইজৰ মাজত মধুৰিআম, জামু, তিতাচেপা, শিলিখা, বকুল, আম, ভোমোৰা, জলফাই, কঠাল, সুমথিৰা, ৰাধাচূড়া, কৃষ্ণচূড়া, আজাৰ, নাহৰ, শাল আদি বিভিন্ন প্ৰজাতিৰ এহেজাৰ গছ পুলি বিতৰণ কৰা হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই 'জল সংৰক্ষণ, বায়ু সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰৰ বাবে বিশেষত পৃথিৱী ৰক্ষাৰ বাবে গছ পুলি ৰোপণৰ প্ৰয়োজন' বিষয়ে আলোকপাত কৰে। অনুষ্ঠানটিত কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পাম পৰিচালক নয়ন বৰদলৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, কৃষি অৰ্থনীতি বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, ড০ অনিমেশ ডেকা, বিষ্ণু নাৰায়ণ ফুকন, দীপেন নাথাকে প্ৰমুখ্য কৰি পাঁচ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।