অসম

নগাঁৱৰ এডিপি কলেজ উদ্যোগত দীক্ষা প্ৰদান, তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ…

asomiyapratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত (এ ডি পি) আজি দীক্ষা শীৰ্ষক এক মননশীল অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত দেখা দিয়া বিভিন্ন সমস্যাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰীক্ষা সন্দৰ্ভত ল'ব লগা সজাগতা সম্পৰ্কত দীক্ষা প্ৰদান কৰা হয় ৷ তদুপৰি ছাইবাৰ ক্ৰাইম, ড্ৰাগছ আদিৰ পৰা নৱপ্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি , সেই সন্দৰ্ভতো দীক্ষা প্ৰদান কৰা হয়৷ অবিভক্ত নগাঁও জিলাৰ প্ৰায় ১০ খন মহাবিদ্যালয়ৰ তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷

এই দীক্ষা প্ৰদান কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে কয়-শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰীক দিয়া পৰাৰ্মশই হৈছে দীক্ষা৷ এই দীক্ষায়ে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন সুন্দৰ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব৷ পৰীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ ব্যাখ্যা কৰি ড° ভাগৱতীয়ে কয়- ছাত্ৰ-ছাত্ৰী সকলে নিজৰ প্ৰয়োজনীয় কামখিনি নিয়াৰিকৈ কৰা উচিত ৷ আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ফোনৰ সকলো কৌশল ভালদৰে বুজি পায় ৷ কিন্তু নিজৰ পৰীক্ষাৰ উত্তৰ বহীখন আপলোড কৰিব নাজানে৷

তেওঁ লগতে কয়- অহা বছৰৰ পৰা নতুন শিক্ষানীতি হ'ব৷ সেইয়ে ছাত্ৰ-ছাত্ৰী সকল এতিয়াৰ পৰা সচেষ্ট হৈ থাকিব লাগিব বুলি ছাত্ৰ-ছাত্ৰী সকলক এই আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে৷ শৃংখলিত জীৱন শীৰ্ষক বক্তৃত্বা প্ৰদান কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ সন্মুখত দেখা দিয়া বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি কয়- বিভিন্ন কাৰণত একাংশ ছাত্ৰ-ছাত্ৰী , যুৱক -যুৱতী ,সামাজিক দায়বদ্ধতাৰ প্ৰতি আগ্ৰহী নহয় ৷ যাৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে উশৃংখল পৰিবেশৰ মাজত সোমাই পৰে ।

তেওঁ লগতে ড্ৰাগছ, ছাইবাৰ ক্ৰাইম সন্দৰ্ভত ব্যাখা দাঙি ধৰি কয়- ইয়াৰ কুফলৰ বিষয়ে নৱপ্ৰজন্মৰ মাজত ব্যাপক হাৰত সজাগতা সৃষ্টি কৰিব লাগিব ৷আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও অকল আৰক্ষীয়ে এই সমস্যা দূৰ কৰিব নোৱাৰে৷ ইয়াৰ বাবে সকলোৰে সৰ্বাত্মক সহযোগিতা লাগিব ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সৰ্বভাৰতীয় প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ অংশগ্ৰহণ কৰিব লাগিব, সেই সম্পৰ্কেও দীক্ষা প্ৰদান কৰে৷

মহাবিদ্যালয়খনৰ অধ্যাপিকা ড° মৌচুমী শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত নগাঁৱৰ খাগৰিজান, ননৈ, নগাঁও, ৰূপহী, আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ লগতে নগাঁও ছোৱালী কলেজ, নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়, পায়নিয়াৰ কলেজ আৰু লংকাৰ সোনাইবিবি কলেজকে ধৰি কেইবাখনো কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ এন এছ এছ আৰু এন চি চিৰ শিক্ষাৰ্থী সকলে সহযোগিতা কৰে৷