অসম

নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন বাইক আৰোহী…

asomiyapratidin

ডিজিটেল সংবাদ, হামৰেণঃ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼ-নগাঁও সংযোগী পথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এ এছ ২১ জি ৬৫৬২ নম্বৰ এখন বাইক বৈঠালাংছʼৰ বৰপথাৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা খুটাত খুন্দা মাৰে ।

বাইকখন খুটাটোত খুন্দা মৰাৰ ফলত সোণাপুৰ ডিমৰীয়াৰ নিবাসী আৰা চৰণ দাস নামৰ লোকজনৰ থিতাতে মৃত্যু হয়। আনহাতে, এই ঘটনাত গুৰুতৰভাবে আহত হোৱা আন এজন লোকৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ইতিমধ্যে আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ।