nagaon
nagaon 
অসম

চকলাঘাটত ডাম্পাৰৰ খুন্দাত নিহত স্কুটী আৰোহী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাট চাৰিআলিত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী ৷

ঘটনাৰ বিৱৰণী মতে, এ এছ-০১-ডি চি ১৭২৪ নম্বৰৰ এখন মাটি কঢ়িওৱা ডাম্পাৰৰ লগত এ এছ-০২-এ বি ৮০৮৮ নম্বৰৰ এখন স্কুটিৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

ৰাইদঙীয়াৰ দিশৰ পৰা আহি থকা স্কুটীখনক তীব্ৰ বেগী ডাম্পাৰখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।