অসম

নগালেণ্ডে বন্ধ কৰিলে সৰুপথাৰৰ অ’ এন জি চিৰ ড্ৰিলিং এলেকা…

asomiyapratidin

নগালেণ্ডে বন্ধ কৰিলে সৰুপথাৰৰ অ' এন জি চিৰ ড্ৰিলিং এলেকা…

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ নাগালেণ্ড চৰকাৰৰ এখন পত্ৰই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত ৷ বিগত ১ জুনত প্ৰেৰণ কৰা পত্ৰখনৰ যোগেদি গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰৰ বি চেক্টৰত থকা অ' এন জি চিৰ তিনিটাকৈ ড্ৰিলিং এলেকা বন্ধ কৰিছে নাগালেণ্ডে প্ৰশাসনে ৷ ইতিমধ্য সকলো কামকাজ বন্ধ হৈ পৰিছে নিকেহে, টকচে আৰু পিহেকু বস্তিত থকা অ' এন জি চিৰ ৰ তিনিটাকৈ ড্ৰীল চাইড ৷

অসমৰ মাটিত থকা অ' এন জি চিৰ তিনিটাকৈ ড্ৰিলিং এলেকা ডিমাপুৰ জিলাৰ অন্তৰ্গত বুলি দাবী কৰি নাগালেণ্ড প্ৰশাসনে বন্ধ কৰি দিছে অ' এন জি চিৰ ড্ৰিলিং এলেকা কেইটা । বৰ্তমান বন্ধ হৈ আছে অ' এন জি চিৰ তেল উৎপাদনৰ কাম কাজ । তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে, বিগত সময়চোৱাত উক্ত তিনিওটা স্থানতে অ' এন জি চিয়ে তেল খননৰ কাম কাজ অব্যাহত ৰাখিছিল। কিন্ত বৰ্তমান নাগালেণ্ড প্ৰশাসনে কিয় হৰ্ঠাৎ তেল খননস্থলী সমূহ বন্ধ কৰি দিছে সেইয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।

উল্লেখযোগ্য যে, যোৰহাট চিনামৰাস্থিত অ' এন জি চিৰ বেচিক মেনেজাৰলৈও নাগালেণ্ড চৰকাৰৰ অনুমতি নোলোৱাকৈ ডিমাপুৰৰ অন্তৰ্গত উক্ত ড্ৰীল চাইডকেইটা বন্ধ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷