অসম

নাগালেণ্ডত খাৰুৱা তেল উৎপাদনৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰে ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বৈঠক…

asomiyapratidin

ডিজিটেল সংবাদ, বেকাজানঃ নগা গাঁওবাসীক ক্ষতিপূৰণ নিদিয়া আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ হস্তক্ষেপৰ বাবে ১৯৯৪ চনৰ পৰা বন্ধ হৈ নাগালেণ্ডৰ ৱাখা জিলাৰ চাংপাঙত থকা খাৰুৱা তেলৰ উৎপাদন পুনৰ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়। নাগালেণ্ডৰ খাৰুৱা তেলৰ উৎপাদনৰ বাধা আঁতৰাবলৈ  বুধবাৰে ডিমাপুৰত এক গুৰুত্বপূৰ্ণ আলোচনাত ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'। প্ৰায় তিনি ঘণ্টা জোৰা বৈঠকত   নাগালেণ্ডত সম্প্ৰতি অ' এন জি চি  আৰু অইল ইণ্ডিয়া খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম  নোহোৱাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

বিশেষকৈ অসমৰ যোৰহাট জিলাৰ সীমান্তৰ বৰহোলাৰ শিলডুবি সমীপৰ নাগালেণ্ডৰ চাংপাঙ বস্তিত ১৯৮১ চনৰ পৰাই  অ ' এন জি চি এ-য়ে নিয়মীয়াকৈ হাজাৰ হাজাৰ বেৰেল খাৰুৱা তেল উৎপাদন কৰি আহিছিল যদিও  তেল উৎপাদনৰ  বিপৰীতে গাঁওবাসীক উপযুক্ত ক্ষতিপূৰণ আৰু ৰয়েলটী নিদিয়াৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত গোচৰ তৰে । তদুপৰি অ 'এন জি চিয়ে নাগালেণ্ড চৰকাৰক ৩৩ কোটি টকাৰ ৰয়েল্টি দিবলৈ থকাৰ  ভিতৰত মাত্ৰ ৬৭ লাখ টকা দিয়া বুলি অভিযোগ উঠা তথা  নগা বিদ্ৰোহী সংগঠ এন এছ চি এনৰ (আই এম)  কিছু দাবী মানি নোলোৱাৰ বাবে চাংপাঙত আৰু মেৰাপানী সমীপৰ ভাণ্ডাৰীত খাৰুৱা তেল উৎপাদন বন্ধ কৰি দিয়ে। 

ফলত বিগত ২৮ বছৰ ধৰি বৰহোলাৰ সমীপৰ চাংপাঙ নগা গাঁৱত খাৰুৱা তেল উৎপাদন বন্ধ  আছে । সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত খাৰুৱা তেল উৎপাদন বৃদ্ধি কৰিব পেট্ৰ'লিয়াম মন্ত্ৰ্যালয়ক নিৰ্দেশনা দিয়াৰ পিছতে আজি পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অ' এন জি চি আৰু অইল ইণ্ডিয়া শীৰ্ষ বিষয়াৰ এটি দল লগত লৈ ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', সংসদীয় আৰু ৰাজহ বিভাগৰ মন্ত্ৰীৰ সৈতে এনেদৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । 

বৈঠকৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়- নাগালেণ্ডত বৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰ আছে। আমি ভাৰত চৰকাৰে বিচাৰো যে নাগালেণ্ডৰ ভূগৰ্ভত থকা খাৰুৱা তেল উৎপাদন হওক। খাৰুৱা তেল উৎপাদন হলে নাগালেণ্ড চৰকাৰে ৰয়েলটী পাব । ইয়াৰ যুৱক -যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব ।  সামাজিক দায়বদ্ধতা আঁচনি ৰূপায়ণ হ'ব ।  সেয়ে মই বিচাৰো নাগালেণ্ডত তেল উৎপাদন হওক । কাৰণ মাটিৰ তলত তেল থাকিলে একো লাভ নহয় । আজি এই বিষয়টো আলোচনা কৰিবলৈ নাগালেণ্ডলৈ আহিছিলো  আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ সৈতে আলোচনা কৰিলো । আলোচনা যোগাত্মক আছিল । আকৌ পৰৱৰ্তী আলোচনা হব। কাৰণ নাগালেণ্ডত সংবিধানৰ ৩৭১অনুচ্ছেদ বলৱৎ হৈ আছে যাৰ তেল উৎপাদন কিছু সমস্যা আছে ।  এই ক্ষেত্ৰত কিছু সা- সালনি নাগালেণ্ডত খাৰুৱা তেল উৎপাদন কৰিব পৰা যাব । 

তেওঁ আৰু কয় যে দেশত মাত্ৰ ২৩% খাৰুৱা তেল উৎপাদন হয় বাকী ৭৭শতাংশ বাহিৰৰ পৰা আমদানি কৰিব লগা হয় ফলত বছৰি কোটি কোটি টকা বাহিৰলৈ ওলাই যায় । সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাক নিৰ্দেশ দিছে দেশৰ যিমান বিলাক উৎস আছে তাত খাৰুৱা তেল উৎপাদন বৃদ্ধি কৰিব লাগে । গতিকে সেই উদ্দেশ্য আমি আজি নাগালেণ্ডলৈ আহিছো । পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে এতিয়া পৰা নুমলীগড় শোধনাগাৰত বাঁহৰ পৰা জৈৱ ইন্ধন উৎপাদন কৰা প্ৰকল্প ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ লাখ লাখ বাঁহ খেতিয়ক উপকৃত হ'ব । 

উল্লেখযোগ্য যে, অসম-নাগালেণ্ডৰ বৰহোলাৰ শিলডুবি সমীপৰ নাগালেণ্ডৰ চাংপাঙ আৰু মেৰাপানী ভাণ্ডাৰীত এতিয়াও অ'এন জি চিৰ কুৰিটাৰো অধিক তেল আৰু প্ৰাকৃতিক গেছৰ পুং  এন এছ চি এনে বন্ধ কৰি ৰাখিছে। জানিব পৰা মতে নাগালেণ্ডৰ চাংপাঙত প্ৰায় ১.৫ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰ আছে। যদি পেট্ৰলিয়াম মন্ত্ৰ্যালয়  নাগালেণ্ড চৰকাৰৰ সৈতে সমস্যা সমাধান কৰিবলৈ সক্ষম হয় তেনেহলে এবছৰ ভিতৰতে নাগালেণ্ডত খাৰুৱা তেল উৎপাদন হোৱাৰ সম্ভাৱনা আছে ।