অসম

গুৱাহাটী নৱগ্ৰহ নিৰামুহীয়া শিৱ মন্দিৰৰ ৱেবছাইট মুকলি

Asomiya Pratidin

ডিজিটেল ডেস্ক : "প্ৰাচীন মঠ-মন্দিৰৰ একো একোটা ইতিহাস আছে । এই ইতিহাসৰ লগতে মঠ-মন্দিৰৰ গৰিমা-মাহাত্ম্য ৰাইজৰ মাজত প্ৰচাৰ-প্ৰসাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে ।" এই মন্তব্য 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ অধ্যক্ষ তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাৰ ।

শুক্ৰবাৰে গুৱাহাটীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ নিৰামূহীয়া শিৱ মন্দিৰৰ ৱেবছাইট মুকলি কৰি ভাষণ প্ৰসংগত এনেদৰে কয় সম্পাদকগৰাকীয়ে । মন্দিৰটিৰ ৱেবছাইটৰ প্ৰসংগত জয়ন্ত বৰুৱাই উল্লেখ কৰে যে, তেওঁ শিশু কালৰে পৰাই প্ৰত্যক্ষ কৰি আহিছে মন্দিৰটি । এজোপা বেল গছৰ তলত থকা শিৱ মন্দিৰটি ইষ্ট দেৱতা গৰাকীৰ আশীৰ্বাদত আৰু ৰাইজৰ সহায় সহযোগিতাত আজিৰ পৰ্যায় পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে জয়ন্ত বৰুৱাই ।

আনহাতে, সময়ৰ লগত খোজ মিলাই এই ৱেবছাইটটোৰ জৰিয়তে অসমৰ ভিন্ন প্ৰান্তত থকা ভক্তপ্ৰাণ ৰাইজক মন্দিৰটোৰ জৰিয়তে অৱগত কৰিব পৰা যাব বুলিও উল্লেখ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ গৰাকীয়ে । ইয়াৰ ওপৰিও ৱেবছাইটটোৰ জৰিয়তে ৰাইজৰ পৰামৰ্শও লাভ কৰিব বুলি আশাবাদী বৰুৱা ।

শুক্ৰবাৰে মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত এই ৱেবছাইট মুকলি অনুষ্ঠানত জয়ন্ত বৰুৱাৰ সৈতে উপস্থিত থাকে মন্দিৰৰ প্ৰতিষ্ঠাপক ৰাজু কটকী, পৰিচালনা সমিতিৰ সভাপতি চন্দন বৰুৱা, সম্পাদক মুনীন পাটোৱাৰী, ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট অধিবক্তা বিজন মহাজন, কাৰ্যকৰী সভাপতি পিকলু কুমাৰ নেওগী ।