অসম

জ্যোতি চিত্ৰবনত এন কে প্ৰডাকচনৰ নতুন কথাছবি ‘দা শ্লেম বুক’ৰ মহুৰত সম্পন্ন…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এন কে প্ৰডাকচনৰ নতুন ছবি 'দা শ্লেম বুক'ৰ মহুৰত সম্পন্ন হয়। ছবিখনৰ মহুৰত অনুষ্ঠানত উপস্থিত থাকে বহু গণ্য-মান্য ব্যক্তি। বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি ছবিখনৰ অনুষ্ঠানটিৰ আৰম্ভণি কৰা হয়।

উল্লেখ্য যে, অসমীয়া ছবি, ছিৰিয়েল আৰু শ্ৰাব্য কেছেটৰ প্ৰতিষ্ঠিত নাম এন কে প্ৰডাকচনে ২০১৩চনৰ পাছত পুনৰ অসমীয়া সাংস্কৃতিক জগতখনত ভূমুকি মাৰিছে। এন কে প্ৰডাকচনে এখন নতুন অসমীয়া কথাছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। 'দা শ্লেম বুক' শীৰ্ষ এই ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ।

ইফালে, ছবিখনৰ মুখ্য পৰিচালক সপ্তঋষি গগৈ, চিত্ৰনাট্য সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দা শ্লেম বুক ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। এন কে প্ৰডাকচনৰ নতুন ছবিখনত অভিনয় কৰিছে ক্ৰমে ৰূপম বৰুৱা, বিভূতিভূষণ হাজৰিকা, প্ৰিয়ংকা বৰুৱা, কাকলি সন্দিকৈ, নিৰূপম শইকীয়া, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে।

জ্ঞান গৌতমে চিনেমেট'গ্ৰাফাৰ হিচাপে কাম কৰা ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হ'ব আসাম ভেলী স্কুল তেজপুৰ বালিপাৰা, গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম লোকেশ্বনত। ইফালে, ছবিখনৰ প্ৰযোজক দেৱ বৰকটকীয়ে জানিবলৈ দিয়া মতে, প্ৰায় ৩০দিন ধৰি দৃশ্যগ্ৰহণ হ'ব লগা এই ছবিখন মুলত ৰোমান্তিক প্ৰেম কাহিনীৰ ওপৰত আধাৰিত।