অসম

ম্যানমাৰ সীমান্তত এনএছচিএনকে আৰু ম্যানমাৰ সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলি…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰ চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোটৰ সৈতে নেচন ৱাইড শান্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে শুকুৰবাৰে দুপৰীয়া ১ বজাত ম্যানমাৰ সেনা টাদমাদাও আৰু এন এছ চি এন বিদ্ৰোহীৰ প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয়।

এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, শুকুৰবাৰে দুপৰীয়া ভাৰত-ম্যানমাৰ সীমান্তৰ কন্যাক নগা অঞ্চলত থকা এন এছ চি এন কেৰ কেইটামান বিদ্ৰোহীৰ শিবিৰত ম্যানমাৰ সেনাই অৰ্তকিতে আক্ৰমণ চলায়।

ইফালে, বিদ্ৰোহীয়েও গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলে। জানিব পৰা মতে, ম্যানমাৰ সেনাই বিদ্ৰোহীক খেদি দুটা শিবিৰ দখল কৰিছে। অৱশ্যে এতিয়ালৈকে এই সংৰ্ঘষত বিদ্ৰোহীৰ প্ৰকৃত হতাহত হোৱাৰ তথ্য কোনো পক্ষই প্ৰকাশ কৰা নাই।