অসম

নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ বৃহস্পতিবাৰে সন্ধিয়া ৮ঃ৩০ বজাত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা পশ্চিম জাৰুনী গাঁৱৰ বাসিন্দা ৰফিক উদ্দিন ভৰভুঞা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। নম্বৰ প্লেট নথকা এখন ডাম্পাৰে পিছফালৰ পৰা আহি খুন্দিয়াই তেওঁক।

৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটনা সংঘটিত কৰি ডবকামুখে পলায়ন কৰে ডাম্পাৰখন। হোজাই জিলাত সগনাই বৃদ্ধি পাইছে এনে ঘটনা। অতি সংকটজনক অৱস্থাত শিক্ষক গৰাকীক হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷