অসম

পুত্ৰ চিন্তাত হঠাৎ মুন্না বৰুৱাৰ মাতৃ অসুস্থ, ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ আলফা স্বাধীনৰ মূখ্য সেনাধক্ষ পৰেশ বৰুৱাৰ ভটিজা মুন্না বৰুৱা আলফা স্বাধীনত যোগ দিয়াৰ পাছতেই মানসিকভাৱে ভাগি পৰিছে মাতৃ কল্পনা বৰুৱা৷ দেওবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰে মুন্না বৰুৱাৰ মাতৃ৷

পুত্ৰৰ আলফা স্বাধীনত যোগ দিয়াৰ বাতৰিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে পৰিয়ালতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পুত্ৰ অৰণ্যলৈ যোৱাৰ শোকত ভাগি পৰা মাতৃ বৰ্তমান তিনিচুকীয়া লাইফ লাইন হস্পিতালত চিকিসাধীন৷ চিকিৎসাধীন হৈ থকা মুন্না বৰুৱাৰ মাতৃ বৰ্তমান সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিব দিছে৷