অসম

মুন্না বৰুৱাক উভতি অহাৰ আহ্বান জনোৱা নাই পিতৃ বিমল বৰুৱাই

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ ৰাজ্যৰ ইজনৰ পিছতকৈ সিজনকৈ চফল ডেকা নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰাৰ বাতিৰয়ে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ বাতৃৰ পুত্ৰই আলফাত যোগদান কৰাৰ বাতৰিয়ে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্ট কৰিছে৷

শনিবাৰে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ দ্বিতীয় পুত্ৰ মুন্না বৰুৱাই বৰদেউতাকৰ সৈতে যোগদান কৰাৰ নিশ্চিত তথ্য লাভ কৰে অসম আৰক্ষীয়ে। ইয়াৰ পাছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

ইফালে, পুত্ৰৰ অৰণ্য গমনত শোকস্তব্ধ হৈ পৰা মুন্না বৰুৱাৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে পিতৃ বিমল বৰুৱাই নিজ পুত্ৰ মুন্নাই স্ব-ইচ্ছাৰে আলফালৈ গৈছে বুলি মন্তব্য কৰে। পিতৃ বিমল বৰুৱাই মুন্নাক ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱাক অনুৰোধ কৰা নাই বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।

উল্লেখ্য যে, ডিগবৈ আই অ' চিৰ কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত মুন্না আৰু তেওঁৰ এজন অভিযন্তা বন্ধুৱে শেহতীয়াভাৱে আলফাত যোগদান কৰা কাৰ্যই উদ্বিগ্ন কৰি তুলিছে গৃহ বিভাগক।