অসম

জিঅ' বেগ স্থাপনত কোটি টকীয়া কেলেংকাৰী; ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ....

Asomiya Pratidin

ডিজিটেল সংবাদ; বান্দৰদেৱা: ৰাজ্যত বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত দিনত ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰিছে। কিন্তু বান-গৰাখহনীয়া প্ৰতিৰাধৰ বাবে মুকলি কৰা আঁচনি সমূহ কিমান দূৰ ফলপ্ৰসূ হৈছে সেয়া এক চিন্তনীয় বিষয়।

লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰৰ ২নং পিঠাগুৰিৰ বান ৰোধৰ কাৰণে ডিক্ৰং নদীত পাঁচ কোটি টকাৰে নিৰ্মাণ কৰা জিঅ' বেগ স্থাপনত ঠিকাদাৰে ব্যাপক দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জলসম্পদৰ বিষয়া আৰু ঠিকাদাৰৰ সন্মুখতে তীব্ৰ ক্ষোভ সাব্যস্ত কৰিবলৈ বাধ্য হয় সদৌ লখিমপুৰ জিলা ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে । জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰ লগতে বিহপুৰীয়া জলসম্পদৰ উপ সংমণ্ডল বিষয়া গৰাকী জিঅ' বেগ নিৰ্মাণস্থলীত উপস্থিত হয়।

উল্লেখযোগ্য যে, জিঅ' বেগ স্থাপনত অনিয়ম বন্ধ নকৰিলে অনাগত দিনত আছুৱে স্থানীয় ৰাইজৰ সহযোগত জংগী আন্দোলন সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে আছুৰ নেতৃবৰ্গই । ডিক্ৰং নদীত জিঅ' বেগ স্থাপনত অদক্ষ শ্ৰমিকৰ নিয়োগ কৰা, উপযুক্ত স্থানত জিঅ' বেগ স্থাপন নকৰা ইত্যাদি একাধিক অভিযোগত পিঠাগুৰি অঞ্চলৰ ডিক্ৰং নদীৰ পাৰ আছু আৰু ৰাইজে একপৰকাৰ বিভাগীয় বিষয়াৰ সন্মুখত উত্তাল কৰি তুলে।