অসম

মুকুল হালৈৰ তথ্যচিত্ৰ ‘ল’ৰালিৰ সাধু’লৈ ৰাষ্ট্ৰীয় সন্মান…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ ১৯ জানুৱাৰী, ২০১৯ত অসমৰ উদীয়মান ছবি পৰিচালক মুকুল হালৈৰ প্ৰশংসিত তথ্যচিত্ৰ 'ল'ৰালিৰ সাধুকথা'লৈ আগবঢ়োৱা হয় চতুৰ্থ বালা কৈলাশম স্মাৰক বঁটা। চেন্নাইৰ এন এফ ডি চি টেগোৰ কেন্দ্ৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাত হালৈক এই বঁটা প্ৰদান কৰে 'দ্য হিন্দু' কাকতৰ সাংবাদিক এ পনিৰছেলভানে।

উল্লেখ্য যে, মুকুল হালৈৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰখনেই 'ল'ৰালিৰ সাধুকথা'।  এফ টি আই আইৰ স্নাতক মুকুলৰ এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছিল টাটা ইনষ্টিটিউট, মুম্বাইয়ে। ছবিখনত ৯০ দশকত ডাঙৰ-দীঘল হোৱা অসমৰ প্ৰজন্মই কেনেকৈ এক সংঘাত, দণ্ড আৰু ৰাষ্ট্ৰসন্ত্ৰাসৰ মাজত দিন কটাইছিল তাৰেই এক জীৱন্ত প্ৰতিচ্ছবি দাঙি ধৰা হৈছে।

মুম্বাইৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বিশ্ব প্ৰিমিয়াৰ হোৱাৰ পাছত ইন্দোনেছিয়া, কলকাতা, দিল্লী, ভূৱনেশ্বৰ, শ্বিলংকে ধৰি বহু ঠাইত এই ছবিখন প্ৰদৰ্শিত হয়। তাৰোপৰি অহা মে' মাহত এই ছবিখন প্ৰদৰ্শিত হ'ব স্পেইনৰ মাদ্ৰিদত দেশৰ আগশাৰীৰ সাংস্কৃতিক পত্ৰিকা 'মাৰ্গ'-য়ে এই তথ্যচিত্ৰখনক ভাৰতীয় তথ্যচিত্ৰৰ ইতিহাসত এক পথপৰিৱৰ্তনকাৰী ছবি বুলি মন্তব্য কৰে।

উদীয়মান যুৱক মুকুল হালৈয়ে চেন্নাইত বঁটা গ্ৰহণ কৰি ভাষণত কয়- 'অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাস সদায় অশান্ত হৈ আহিছে। নতুন প্ৰজন্মৰ শিল্পী হিচাপে আমি এই ইতিহাস লিপিবদ্ধ কৰাটো অতিকৈ জৰুৰী।'

ইফালে, একেটা বিষয়ত মুকুল হালৈয়ে নিৰ্মাণ কৰা 'ঘৰমুৱা' শীৰ্ষক চুটি ছবিখনেও সন্মান বুটলিছে। 'ঘৰমুৱা' ছবিখন ২০১৮চনৰ নবেম্বৰ ধৰমশালা ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল। তদুপৰি চলিত মাহতেই এই ছবিখন ভূৱনেশ্বৰ আৰু কলকাতাৰ আন দুটা মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব।

উল্লেখ্য যে, বালা কৈলাশম আছিল চেন্নাইৰ টেলিভিছন আৰু মিত্তিয়া ক্ষেত্ৰৰ মহীৰূপ। তেওঁৰ সোঁৱৰণত এই বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰেকীয়াকৈ আগবঢ়োৱা হয়। পূৰ্বৱৰ্তী বঁটাপ্ৰাপক সকলৰ ভিতৰত আছিল এন ডি টিভিৰ মুখ্য সম্পাদক ৰবিশ কুাৰ।

জানিব পৰামতে, 'ল'ৰালিৰ সাধুকথা' তথ্যচিত্ৰখন অহা ২৩ জানুৱাৰীত 'গুৱাহাটী আন্তৰ্জাতিক তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ'ত প্ৰদৰ্শিত হ'ব।