অসম

মুকালমুৱাৰ সন্ধানহীন যুৱতীক উদ্ধাৰ, এজন আটক

asomiyapratidin

ডিজিটেল সংবাদ, দৌলাশালঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত দাগাপাৰ গাঁৱৰ এগৰাকী নাবালিকা ছাত্ৰী বিগত চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত ছাত্ৰী গৰাকীক মঙলবাৰে মুকালমুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কুমাৰ বৰ্মণৰ নেতৃত্বত আৰু এ এছ আই ভূপেন দাসৰ তৎপৰতাত কিশোৰী ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি ঘটনাৰ লগত জড়িত থকা মুছলমান সম্প্ৰদায়ৰ ৰিজু আলী নামৰ যুৱকজনক আটক কৰে৷

উল্লেখ্য যে, দাগাপাৰ ডি ডি এল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক প্ৰেমৰ চলনাৰে ৰিজু আলীয়ে পলুৱাই নি চাৰিদিন ধৰি আত্মগোপন কৰি থাকে৷ নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তীতে আৰক্ষীয়ে অভিযান চলাই ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি ঘোগা গাঁৱৰ লম্পদ যুৱকজনক আটক কৰে৷

ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত ২৮৪/১৯ নম্বৰত গোচৰ ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ (এ) ধাৰাত ৰাজু আলীক গ্ৰেপ্তাৰ কৰি বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে৷