অসম

মুকালমুৱাত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰীক…

asomiyapratidin

ডিজিটেল সংবাদ, দৌলাশালঃ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল কুমাৰ নাথৰ নেতৃত্বত শনিবাৰে সন্ধিয়া মুকালমুৱাৰ ঘোগাত অভিযান চলাই ড্ৰাগছসহ দুই সৰবৰাহীক গ্ৰেপ্তাৰ কৰে৷

এক সূত্ৰৰ খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগগছ সৰবৰাহকাৰী ক্ৰমে আনোৱাৰ হুছেইন আৰু জিতু আলী৷ মুকালমুৱা আৰক্ষীৰ অভিযানত দুয়োজনৰ পৰা জব্দ কৰে ভালে সংখ্যক নিচাজাতীয় দ্ৰব্য ৷

ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দুই ড্ৰাগছ সৰবৰাহীয়ে অঞ্চলটোত চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা৷