অসম

ৰাজ্যত শুকান গোৱৰ, ধান-খেৰ  যোগানৰ নামত কেলেংকাৰী…

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ সোনালী সূতাৰ দেশ অসম ।কিন্ত ৰাজ্যত এতিয়া শোচনীয় অৱস্থা ৰেচম উদ্যোগৰ। নগাওঁ জিলাৰ ১৫ খন ৰেচম তথা মুগা-এৰী খাদ্য গছৰ ৰোপন কেন্দ্ৰৰ অৱস্থা শোচনীয় । নগাঁও জিলাৰ তুলসীমুখৰ পুনিৰাম শইকীয়া নামৰ লোকজনে তথ্য জনা আইনৰ জৰিয়তে ২০১০ ৰ পৰা ২০১৬ লৈ লাভ কৰা তথ্যত নগাওঁ জিলাৰ ১৫ খন ৰেচম পামৰ দুৰৱস্থাৰ দিশটো স্পষ্ট হৈছে ।

এই বিত্তিয় বৰ্ষ কেইটাত নগাওঁ জিলাৰ ১৫ খন ৰেচম তথা মুগা-এৰী খাদ্য গছৰ ৰোপন কেন্দ্ৰত যিমান পৰিমানৰ আয় হ'ল তাতকৈ ৪০ গুণ অধিক পৰিমানৰ ধন ব্যয় হ'ল। আনকি এই কেন্দ্ৰবোৰত শুকান গোৱৰ, ধান খেৰ পুলি যোগানৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত হয়।

গোবৰ, পুলি, বাঁহ আদিৰ বৃহৎ কেলেংকাৰী সংঘটিত হয় এই বিত্তিয় বৰ্ষ কেইটাত ।এই সমূহ সামগ্ৰী যোগান ধৰিবলৈ ভুৱা যোগনিয়াৰ নামো অন্তভুৰ্ক্ত কৰা বুলি প্ৰকাশ কৰে আৰ টি আই কৰ্মী জনে।নগাওঁ জিলাৰ ৰেচম সহকাৰী সঞ্চালকে দিয়া তথ্যত প্ৰকাশ হৈছে যোগনিয়া সকলৰ দীঘলিয়া তালিকা ।কিন্ত এই লোক সকলৰ তথ্য দিয়া ঠিকনা মতে তেনেলোক সেই ঠাইত বিচাৰি পোৱা নাযায় বুলি ক'লে বৰ্ষীয়ান সমাজ কৰ্মী জনে । ২০১০ চনৰ পৰা ২০১৬ বৰ্ষলৈ আয় ব্যয় হিচাব কৰিলে দেখা যায় যে ৩৯ লাখ ২১ হেজাৰ টকা নগাওঁ জিলাৰ ১৫খন ৰেচম পামত ব্যয় দেখুওৱা হৈছে যদিও আয় মাত্ৰ ১ লাখ টকাহে দেখুওৱা হৈছে ।