অসম

উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত, সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ সভাপতি মুফতি খাইৰুল ইছলামে বৃহস্পতিবাৰে পুৱা ইহলীলা সম্বৰণ কৰে। ধৰ্মীয় নেতা গৰাকীৰ মৃত্যুত সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে।

মুফটিৰ মৃত্যুত আমচুৰ সভাপতি কমৰুজ জামান সৰকাৰ, সংখ্যালঘু সংগ্ৰাম পৰিষদকে প্ৰমুখ্য কৰি বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰিছে।ধৰ্মীয়গুৰু গৰাকী ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আছিল।

বুধবাৰে হঠাত অসুস্থ হৈ পৰাত তেখেতক নগাঁও ডিউ কিয়াৰ নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছিল।ইতিমধ্যে হাজাৰ হাজাৰ শিষ্য আহি উপস্থিত হৈছে দগাওঁ পৰমাইভেটিৰ বাসগৃহত । বিয়লি ৫.১৫ বজাত দগাঁও খেলপথাৰত তেখেতৰ জানাজা নামাজ সম্পন্ন কৰা হব।