অসম

দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংসদ খালেকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ দিছিল সাংসদ আব্দুল খালেক।

কিন্তু দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন নকৰিলে। যাৰ বাবে সাংসদ খালেকে ডিচিপি (ইষ্ট)ৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ দিছে। উল্লেখ্য যে গৰুখুঁটিৰ উচ্চেদৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশব শৰ্মাই মৰিগাঁৱত কৰা এক মন্তব্য সংবিধানৰ পৰিপন্থী বুলি উল্লেখ কৰি সাংসদ আব্দুল খালেকে দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু দিছিল।