অসম

বিশ্বনাথত শুভাৰম্ভ বাইকাৰ্চৰ বাবে এক নতুন ব্ৰেণ্ড

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথম বাৰৰ বাবে বিশ্বনাথত শুভাৰম্ভ হ'ল বাইকাৰ্চৰ বাবে এক নতুন ব্ৰেণ্ড। বিশ্বনাথৰ 'চিটি হাব' নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত শনিবাৰৰ পৰা উপলব্ধ হ'ল বাইকাৰ্চৰ বাবে মট'কাল্ট নামৰ কাপোৰৰ এক নতুন ব্ৰেণ্ড।

এই ব্ৰেণ্ডটি বিশ্বনাথৰ চিটি হাবে মুকলি কৰে এক বাইক ৰেলীৰ জড়িয়তে। নৰ্থ ইষ্ট এডভেঞ্জাৰ অৰ্গেনাইজেচন নামৰ সংস্থাটোৰ অধীনত বিশ্বনাথৰ পৰা উলিওৱা বাইক ৰেলীত বিশ্বনাথৰ শতাধিক নৱ প্ৰজন্মৰ যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে।

এই বাইক ৰেলী বিশ্বনাথৰ পৰা পোনে পোনে গহপুৰ আৰু গহপুৰৰ পৰা জামূগুৰী অভিমূখে ৰাওনা হয়। আনহাতে বিশ্বনাথৰ চিটি হাবে মুকলি কৰা উত্তৰ পুৱৰ প্ৰথমটো মট'কাল্ট শ্ব' ৰুমে বিশ্বনাথৰ বাইকাৰ্চসকলক উৎসাহিত কৰি তুলিছে।