অসম

পুৱাৰ খবৰ

asomiyapratidin

১. আজি মহা অষ্টমী। ৰাজ্যজুৰী দেৱী দুৰ্গাক আৰধনা কৰা হৈছে। বলি বিধানেৰে অনুষ্ঠিত হোৱা দেৱী দূৰ্গাৰ অষ্টমী পূজাৰ দিনাও বলিৰ বাবে সাজু কৰা হৈছে মহ, ছাগলী, হাঁহ আদি।

২. সপ্তমীৰ দিনটোত কামাখ্যত এইবাৰ বলি দিয়া হ'ল ১ টা মহ।আনহাতে অষ্টমী আৰু নৱমীৰ বাবে সাজু কৰি ৰখা হৈছে আন ৩ টা মহ।ইফালে শদিয়াৰ কেচাইখাইটিঁ, নলবাৰী বিল্লেশ্বৰ দেৱালয়, ধুবুৰীৰ মহামায়া দেৱালৰ লগতে গোৱালপাৰাৰ তুক্ৰেশ্বৰীৰ দেৱালয়তো দেৱী দুৰ্গাক পৰম্পৰা অনুসৰি বলিৰে পূজা কৰা হৈছে।

৩. ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ মাজতে বিগত ২৪ ঘণ্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হ'ল ২২৬ জন। আনহাতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল ৩ জনৰ।

৪. বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ২৮,৯৫৪ গৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ পৰীক্ষা কৰা হৈছিল। সেই সেই অনুসৰি পজিটিভিটিৰ হাৰ ০.৭৮ শতাংশ।

৫. ২৪ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা। বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষাৰ পুনৰ নিৰ্ধাৰিত সময়সূচী হৈছে ৩১ অক্টোবৰ, ২০২১।

৬. দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ'ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।

৭. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়, মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু গৌহাটি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিবক্তা আৰু ন্যায়িক বিষয়াসকলক নিযুক্তি দিয়ে।

৮. কাৰাগাৰত থকাৰ অৱস্থাতে ২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুনৰ গ্রেপ্তাৰ হ'ল ৰাজকন্যা বৰুৱা। সেই দুৰ্ঘটনাত কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈ।২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।সেই একেখন বাহনেৰেই পুনৰ ৰাজকন্যাই যোৱা ২ অক্টোবৰত সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।

৯. বিশ্ব ক্ৰিকেটক নিয়ন্ত্ৰণ কৰিছে ভাৰতে। এই দাবী উত্থাপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে। ইমৰান খানৰ মতে আই চি চি এতিয়া বি চি চি আইৰ অধীনত। ক্ৰিকেটত এতিয়া ধনহে আটাইতকৈ ডাঙৰ খেলুৱৈ।

১০. কেন্দ্ৰীয় কেবিনেটে সৈনিক স্কুল চ'চাইটিৰ অধীনত অনুমোদিত সৈনিক বিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বিদ্যালয়সমূহে এক বিশেষ উলম্ব হিচাপে কাম কৰিব যি বৰ্তমানৰ সৈনিক বিদ্যালয়তকৈ পৃথক হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে।