অসম

সাংবাদিকৰ বিৰুদ্ধে ধনদাবীৰ ভুৱা ভিডিঅ’ প্ৰস্তুত কৰা চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ…

asomiyapratidin

সাংবাদিকৰ বিৰুদ্ধে ধনদাবীৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰা চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ…

ডিজিটেল সংবাদ,মৰিয়নী: যোৰহাট জিলাৰ মৰিয়নীত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি। দুৰ্নীতি পৰায়ন বন বিষয়াৰ সৈতে মিতিৰালি কৰি দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ গছ কাটি অবৈধ কাঠৰ মিল চলাই অহিছে একাংশ চোৰাং কাঠৰ বেপাৰীয়ে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মৰিয়নীৰ দুজন জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে ধনদাবীৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰি অপপ্ৰচাৰ চলাইছিল বুলি অভিযোগ  উঠিছে চোৰাং কাঠৰ বেপাৰী জনৰ বিৰুদ্ধে । তাৰ পাছতেই এই কাৰ্য্যয়ে মৰিয়নীৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলি গাঁৱৰ নিবাসী তথা কাঠৰ চোৰাং ব্যৱসায়ী দীপকন গগৈয়ে মৰিয়নী প্ৰেছ ক্লাবৰ দুই জ্যেষ্ঠ সাংবাদিক অসমীয়া খবৰৰ দীপক দত্ত আৰু নিউজ লাইভৰ প্ৰাঞ্জল পাওগামৰ বিৰুদ্ধে ষড়যন্ত্ৰ মুলক ভাৱে ধনদাবীৰ এক ভিডিঅ প্ৰস্তুত কৰি ভাইৰেল কৰে। ইয়াৰ উপৰি দীপক দত্তয়ে ধনদাবী কৰাৰ এখন অভিযোগ পত্ৰ কাকত কতৃপক্ষলৈ প্ৰেৰণ কৰিছে। চোৰাং কাঠৰ বেপাৰী জনৰ এনে কাৰ্যক সাংবাদিক দুজনে তোওঁলোকৰ সন্মান আৰু প্ৰতিষ্ঠা হানি কৰিবলৈ অপচেষ্টা কৰাৰ অভিযোগত দীপকন গগৈৰ বিৰুদ্ধে মৰিয়নী থানাত সোমবাৰে এজাহাৰ দাখিল কৰে।

নিজৰ বাসগৃহত অবৈধ কাঠ ফলা শ্ব মিল স্থাপন কৰি চোৰাং কাঠৰ ব্যৱসায় অব্যাহত ৰখা দীপকন গগৈয়ে নগাৰ সহযোগত দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি ব্যাপক হাৰত গছ কাটি বনাঞ্চলৰ ধ্বংস যজ্ঞ চলাই অহা অভিযোগ তোলে তেঁওলোকে । উল্লেখযোগ্য যে, যোৱা ২৯ মে' তাৰিখে দিচৈ ভেলী বনাঞ্চলৰ ভৱানীপুৰত মৰিয়নী বনাঞ্চলিক বিষয়াই অভিযান চলাই বৃহৎ পৰিমানৰ গছৰ কুণ্ডা জব্দ কৰিছিল। এই বিষয়ে সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল বাতৰি ।

আনহাতে, উক্ত গছৰ কুণ্ডা খিনি চোৰাং কাঠ ব্যৱসায়ী দীপকন গগৈৰ বুলি বন বিভাগৰ অনুসন্ধানত পোহৰলৈ আহে। এই  চোৰাং কাঠৰ ব্যৱসায়ী দীপকন গগৈয়ে মৰিয়নীৰ দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে ধন দাবীৰ ভুৱা অভিযোগ অনা কাৰ্যক অসম প্ৰেছ ক'ৰেছপণ্ডেন্টচ ইউনিয়ন চমুকৈ আপকুৰ যোৰহাট জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দি আৰক্ষীক সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে চোৰাং কাঠৰ বেপাৰী দীপকন গগৈৰ অবৈধ কাঠৰ মিল উচ্ছেদ কৰাৰ বন বিভাগক দাবী জনাইছে।