অসম

মৰিয়নীত ঘৰলৈ বুলি অনা নিমখৰ পেকেটত ওলাল শিশুৰ ব্যৱহাৰ কৰা পেন্ট…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মৰিয়নীঃ ক্ৰমাৎ বজাৰত উপলব্ধ পেকেটত থকা সামগ্ৰীৰ প্ৰতি ৰাইজৰ যেন আশা ভৰষা হেৰাবলৈ ধৰিছে৷ ৰাজ্যৰ বজাৰত সঘনাই দেখিবলৈ পোৱা গৈছে পানী বটল,শীতল পানীয় বটলত,মিঠাইত বিভিন্ন সময়ত পোক ধৰা পোৱাৰ পাছত আজি মৰিয়নীত Everyday নামৰ নিমখৰ ১ কেজি পেকেটৰ ভিতৰত শিশুৰ ব্যৱহাৰ কৰা পেন্ট ওলোৱাক লৈ সমগ্ৰ মৰিয়নীতে তিব্বৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷

প্ৰকৃততে Everyday দৰে বহু নামীদামী কোম্পানী বোৰে নিজৰ নিজৰ কোম্পানীত তৈয়াৰ কৰা সামগ্ৰী সমূহ গ্ৰাহকৰ বাবে বজাত মুকলি কৰাৰ আগত এবাৰলৈ হলেও পুনৰীক্ষণ নকৰে নেকি৷ সাধাৰণ জনসাধাৰণৰ জীৱনক লৈ কিয় আৰু কাৰ আৰ্শীবাদত হেতালি খেলিছে৷ ISI তথা PVT/LTD ৰ্মাক সনিৱিষ্ট কোম্পানীটোৱে কি পৰিৱেশত আৰু কি পদ্ধতিত গ্ৰাহকৰ বাবে খোৱা সামগ্ৰী সমূহ বজাৰত মুকলি কৰি দিছে৷ ভুক্তভোগী গ্ৰাহক গৰাকীয়ে সাংবাদিক জানিবলৈ দিয়ে তেওঁ অভিযোগ উথাপন কৰা কোম্পানীৰ বিৰুদ্ধে আইন সহায় সহযোগিতা ল'ব৷