অসম

দুৰ্গোৎসৱৰ আনন্দৰ মাজতে মৰিয়নিত নৰকংকাল উদ্ধাৰক লৈ চাঞ্চল্য…

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিৰ দেবেৰাপাৰাা আৰক্ষী চকীৰ অন্তৰ্গত গাভৰু চাহ বাগিছাত বৃহস্পতিবাৰে এটা নৰ কংকাল উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। দূৰ্গোৎসৱৰ আনন্দৰ মাজতে বাগিছাখনৰ এটা সীমান্ত নীৰিক্ষণ চকীৰ বিপৰীত দিশৰ নিচুবস্তীৰ সমীপৰ এটা ডাঠ জোপোহাৰ মাজত স্থানীয় একাংশলোকে নৰকংকালটো প্ৰত্যক্ষ কৰে।

ইয়াৰ পাছতে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। নৰকংকালটো এজন পুৰুষৰ বুলি সন্দেহ আৰক্ষীৰ। ঘটনাস্থলীত দেবেৰাপাৰা আৰক্ষী উপস্থিত হৈ নৰকংকালটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।