অসম

মৰিয়নীত উদ্ধাৰ কোৰিয়াত নিৰ্মিত বৃহৎ পৰিমাণৰ চিগাৰেটঃ কোনে, ক’ৰ পৰা, ক’লৈ নিছিল নাই তথ্য…

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নি: নামনি মুৱা ১৫৯০৯ নম্বৰৰ অৱধ অসম ৰে'লৰ পৰা মৰিয়নিস্থ ৰে'ল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী সময়ত ৰে'ল খনৰ ডি-৩ নম্বৰৰ শীত তাপ নিয়ন্ত্ৰিত এটা ডবাত ক'লা ৰঙৰ চাৰিটা গৰাকীবিহীন বেগ উদ্ধাৰ হয়। ৰে'ল আৰক্ষীয়ে বেগ চাৰিটা মৰিয়নী ৰে'ল জংচনত নমাই পৰীক্ষা কৰাত বেগ চাৰিটাত প্ৰায় ৪০০ ৰো অধিক বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ হয়।

Esse ব্ৰেণ্ডৰ 'Made in korea' special gold বুলি পেকেটৰ ওপৰত লিখা থকা চিগাৰেট খিনিৰ বজাৰৰ আনুমানিক মূল্য প্ৰায় ৮ লাখ টকা হ'ব বুলি ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰে। ৰে'লত শুল্ক ফাঁকিৰে কোনো লোকে চিগাৰেটখিনি চোৰাং কৈ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে ৰেল আৰক্ষীয়ে। ৰে'ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিদেশী চিগাৰেটখিনি কোনে, ক'ৰ পৰা, ক'লৈ নিবলৈ চেষ্টা কৰিছিল সেই সন্দৰ্ভত ৰেল আৰক্ষীয়ে কোনো তথ্য অৱগত নকৰাত সমগ্ৰ বিষয়টো ৰহস্যৰ সৃষ্টি হৈছে ।কেৱল চিগেৰেট জব্দ কৰি চিগেৰেট সৰবৰাহৰ সৈতে জড়িত মূল অপৰাধীক অদ্যাপি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল মৰিয়নি ৰেলৱে আৰক্ষী।