অসম

সীমান্তত কোৰোনাৰ ভয়াবহ সংক্ৰমণ! ঘৰে ঘৰে সজাগতা…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিয়নী: কোভিডৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে ঘৰে ঘৰে গৈ চলোৱা সজাগতা মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেংহাটতো আৰম্ভ হৈছে ।এই সজাগতাৰ অংশ স্বৰূপে চেলেংহাটৰ সীমান্তবৰ্তী ২নং চুতীয়াকাৰী অঞ্চলটোত ঘৰে ঘৰে গৈ কোভিড সম্পৰ্কীয় সজাগতা অভিযান চলোৱা হয়। উক্ত অঞ্চলটোৰ গ্ৰামাঞ্চল ,চাহ অধ্যুষিত অঞ্চলত ঘৰে ঘৰে গৈ কোভিড সম্পৰ্কীয় সজাগতা অনাৰ প্ৰচেষ্টা চলাইছে কোভিড যোদ্ধাসকলে ।

পূৱ যোৰহাট শিক্ষা খণ্ডৰ চেলেং সীমাান্তৰ চি আৰ চি চি'ৰ দায়িত্ব থকা নিলিম জ্যোতি কলিতাৰ নেতৃত্বত যোৱা দলটোৱে ঘৰে ঘৰে গৈ সজাগ কৰি কোভিডৰ বিৰুদ্ধে ল'ব লগা সাৱধানতা সম্পৰ্কে অৱগত কৰে । তদুপৰি যি সকল লোক প্ৰতিষেধক লোৱা নাই তেওঁলোকক প্ৰতিষেধক ল'বলৈ আহ্বান জনায় । উল্লেখ্য যে, সীমান্তবৰ্তী চুতীয়াকাৰী অঞ্চলটোত ইতিম্যধে প্ৰতিষেধকৰ ৩ টা শিবিৰ অনুষ্ঠিত হ'ল যদিও অঞ্চলটোৰ অধিকাংশ লোকেই এতিয়ালৈকে প্ৰতিষেধক গ্ৰহণ কৰিব পৰা নাই ।

কোভিড আৰু প্ৰতিষেধক সম্পৰ্কীয় সজাগতা সৃষ্টি কৰি অহা দলটোত চেলেং বৰ্ডাৰৰ চি আৰ চি চিৰ দায়িত্ব থকা নিলীম জ্যোতি কলিতাৰ লগতে ২নং লাওজান প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিংকু দত্ত, লখিমীজান প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপম শইকীয়া সহ শিক্ষয়ত্ৰী প্ৰগ্যাজ্যোতি গগৈ,নৱজ্যোতি বৰা ,আশা কৰ্মী ,সহায়িকা আদিয়ে সহযোগিতা আগবঢ়ায় । আৰু এই সজাগতা অভিযানত সমাজ কল্যাণ বিভাগৰ ছুপাৰ ভাইজাৰ ৰাজলক্ষ্মী আইদেউ উপস্থিত থাকে ।