অসম

পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

asomiyapratidin

১. দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে শান্তিপূৰ্ণভাৱে। দিনৰ ১১ বজালৈকে ৬.৯৬ শতাংশ ভোটগ্ৰহণ সম্পন্ন।

২. দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু তেওঁৰ পত্নী সবিতা কোৱিন্দে পুৱাই সাব্যস্ত কৰে ভোটাধিকাৰ। কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধী, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি হামিদ আনছাৰী, ৰাহুল গান্ধী আদিয়েও কৰিলে পুৱাই ভোটদান।

৩. বিজেপি সাংসদ মনোজ তিৱাৰীৰ দাবী- দিল্লীত গঠন হ'ব বিজেপিৰে চৰকাৰ। বিজেপিৰ আন নেতৃত্বৰো অনুৰূপ দাবী- ৫০ খনৰো অধিক আসন পাব দিল্লীত বিজেপিয়ে।

৪. মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাব্যস্ত কৰিলে ভোটাধিকাৰ। পিতৃ-মাতৃ, পত্নী আৰু পুত্ৰসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটদান কৰে কেজৰিৱালৰ পৰিয়ালে। প্ৰথমবাৰৰ বাবে ভোট দিলে আইআইটিত অধ্যয়ণ কৰি থকা কেজৰিৱালৰ পুত্ৰই।

৫. ভাৰতীয় সেনাৰ মেজৰ অনুপ মিশ্ৰৰ সফলতা। একে ৪৭ৰ বুলেট প্ৰতিৰোধ কৰিব পৰা বিশ্বৰ প্ৰথমটো বুলেটপ্ৰুফ হেলমেট নিৰ্মাণ।

৬. নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট খেল। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি বিজয়ৰ বাবে ভাৰতক ২৭৪ ৰানৰ লক্ষ্য কিৱি বাহিনীৰ।

৭. ভোট গ্ৰহণ চলি থকাৰ মাজতে বদৰপুৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত অঘটন। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু নিৰ্বাচনী বিষয়া উমেশ যাদৱৰ।

৮. ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল। দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰি দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য ৰঞ্জিত দাসৰ।

৯. জখলাবন্ধাত প্ৰদীপ মুৰা নামৰ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক জোন দাস, পৰিদৰ্শক সোমেশ্বৰ কোঁৱৰ আৰু জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বাগৰিৰ পৰা গ্ৰেপ্তাৰ ককে চোৰাং চিকাৰীজনক।

১০. অৱশেষত মৃ্ত্যুৰ সৈতে হাৰ মানিলে মোৰাঝাৰৰ 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক তাজুদ্দিন আহমেদে। শনিবাৰে নিশা ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল তাজুদ্দিন।