মৰিগাঁও

পবিতৰাত উপস্থিত জি ২০ সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিনিধি...

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং : জি 20 সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী ৰাষ্ট্ৰৰ ৩১ জনীয়া প্ৰতিনিধি দল এটা আজি পুৱা ৭.৩০ বজাত পবিতৰা অভয়াৰণ্যত উপস্থিত হয়।পুৱাৰ ভাগত উপস্থিত হোৱা দলটোৱে পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ভিতৰত প্ৰৱেশ কৰে।

হাতী আৰু জীপ চাফাৰীৰে পবিতৰাৰ গড়,ম'হ,পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণ চাবলৈ আজি পবিতৰাত উপস্থিত হয়। দলটোক মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা সহযোগ কৰিছে। মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত থাকি অতিথি সকলক অভিনন্দন জনাই।