মৰিগাঁও

মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত সম্বৰ্ধনা  সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মায়ঙৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলক শনিবাৰে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষণ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সচিব নিৰঞ্জন  বৰুৱাই ।

সভাত চাৰিগৰাকী ডিষ্টিংচন পোৱা ছাত্ৰ-ছাত্ৰী, দুজনে ষ্টাৰ, প্ৰথম বিভাগত ৯ জন, দ্বিতীয় বিভাগ পোৱা ৪ জন শিক্ষাৰ্থীক গামোচা, আৰু সম্বৰ্ধনা  পত্ৰ প্ৰদান  কৰা হয়।  ডিষ্টিংচন লাভ কৰা ছাত্ৰ-ছাত্ৰী কেইগৰাকী  হ'ল দীক্ষিতা দেৱী ৯২'৬৬ , লিন্টু  মেধি ৯০'৬৬ , প্ৰিয়ংকা বৰা ৯০ আৰু নৱমল্লিকা ভৰালী  ৮৯'০৬ । মুঠ ১৯ গৰাকী ছাত্ৰ -ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা।

সভাত উপস্থিত থাকি ভাষণ আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ  বৰা, লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা, মায়ঙৰ পৰম্পৰাগত ৰজা তৰণিকান্ত সিংহ কোৱৰ, মায়ঙৰ বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল ভূঞা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল  নাথ, সাংবাদিক নজৰুল ইছলাম আৰু আচাৰ্য প্ৰসন্ন ডেকাই । প্ৰস্তাৱিক ভাষণ আগবঢ়াই প্ৰধান আচাৰ্য ধনঞ্জয় বৰদলৈয়ে । আজিৰ সভাত উপস্থিত থাকে অঞ্চলৰ ভালে কেইজন শিক্ষক আৰু সমাজ কৰ্মী।