মৰিগাঁও

মায়ঙৰ চনকা বনভোজথলীত অঘটন

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ং: মায়ঙৰ চনকা বনভোজস্থলীত সংঘটিত এক দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হয় গুৱাহাটীৰ এজন যুৱক।

সন্ধানহীন যুৱকজনৰ নাম মিন্টু দাস বুলি জানিব পৰা গৈছে। চনকাত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত নিখোজ হয় মিণ্টু দাস। যুৱকজনৰ ঘৰ গুৱাহাটীৰ খানাপাৰাত বুলি জানিব পৰা গৈছে।

এটা কেটাৰিং পাৰ্টিৰ সদস্য ২৬ বছৰীয়া মিন্টু। মায়ং পাহাৰৰ কানাই বৰশী বোৱা শিলটোৰ কাষতে বনভোজ খাই আছিল যুৱকৰ দলটোৱে। তাৰ মাজৰে মিন্টু নামৰ যুৱকজনে হঠাতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামি দিয়ে ।

ঘটনা সংঘটিত হোৱাৰ পিছতে উক্ত স্থানত উপস্থিত হৈছে উদ্বাৰকাৰীৰ দলসহ মায়ঙ আৰক্ষী। জানিব পৰা মতে এখন ট্ৰেভেলাৰ লৈ চনকাৰ বালিত বনভোজ খাবলৈ আহিছিল দলটোৱে। দলটোত মুঠ ১৪ জন যুৱক আছিল।

উল্লেখযোগ্য যে চনকাত বনভোজৰ নামত উদ্দাম নৃত্য আৰু মাদক দ্ৰব্যৰ পয়োভৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈ আহিছে।