অসম

কেনেকৈ সংঘটিত হৈছিল মৰিগাঁৱৰ সেই ভয়ংকৰ পথ দুৰ্ঘটনা? একে গাঁৱৰ ৩ যুৱকক হেৰুৱাই শোকত মৃয়মান গাওঁবাসী…

asomiyapratidin

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাঁও জাগীৰোড পথৰ বঘৰা ঘুলিগাঁৱত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনাত থিতাতে নিহত হয় তিনি বন্ধু। আনহাতে গুৰুতৰ ভাবে আহত হৈছে আন ২ জন বন্ধু। জানিব পৰা মতে জাগীৰোডৰ পৰা মৰিগাঁও দিশলৈ আহি থকাৰ অৱস্থাত এম এল ০৮চি ৮১৮৮ নম্বৰ হোণ্ডাই আই-২০ বাহনখনেৰে তীব্ৰ বেগেৰে বঘৰাৰ ঘুলিগাঁৱৰ ৰিদিপ বৰদলৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ সন্মুখত থকা লোৰ গেটত খুন্দা মাৰে।ফলত বাহন খনত থকা দুজন যুৱক থিতাতে নিহত হয় আৰু আন এজনৰ মৃত্যু হয় মৰিগাঁও অসমাৰিক চিকিৎসালয়ত।

মৃত যুৱক কেইজনৰ নাম হাফিজুৰ ৰহমান (২৬), ছোহেল আহমেদ(২৬), মহীবুৰ ৰহমান (২৮)/ গোটেই কেইজনৰ ঘৰ মৰিগাঁৱৰ মৰিমুছলমান গাঁৱত। অন্যহাতে ঈশান আহমেদ নামৰ ১৯ বছৰীয়া যুৱক জনক সংকট জনক অৱস্থাত গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু ইক্ৰম আহমেদক(২১) মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।আহত ইক্রমৰ ঘৰ দলবাৰীত বুলি জানিব পৰা গৈছে।

মৰিগাঁও আৰক্ষীয়ে আৰক্ষীয়ে জানিবলৈ দিয়া মতে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল । দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ চালকৰ আসনত থকা ছোহেল আহমেদক উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল।উল্লেখযোগ্য যে সোমবাৰে সন্ধিয়া ৬ মান বজাত আটাইকেইজন বন্ধুৱে ঘৰৰ পৰা জাগীৰোডৰ ফালে ফুৰিবলৈ ওলাই গৈছিল।কিন্তু নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়ি নিলে তিনি জন বন্ধুৰ।যুৱক কেইজনৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় লোক। ৩ যুৱকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গাওঁবাসীয়ে।