অসম

মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী

asomiyapratidin

ডিজিটেল সংবাদ,মৰিগাওঁ : বিজেপি চুড়ান্ত তালিকা ঘোষণা দিল্লীয়ে কৰিব কিছু সময়ৰ পিছত। ইতিমধ্যে ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে বিজেপি কেন্দ্ৰীয় নেতৃত্ব। তাৰ প্ৰাক মুহূৰ্তত মৰিগাঁৱত ৰামকান্ত দেউৰীয়ে নিশ্চিত কৰিলে নিজৰ প্ৰাৰ্থীত্ব।

বিজেপিৰ টিকট লৈ মাৰ্চৰ ১০ তাৰিখে মনোনয়ন দাখিল কৰিব বুলি মন্তব্য কৰে ৰামকান্ত দেউৰীয়ে। মনোনয়ন দাখিলৰ প্ৰস্তুতি হৈছে বুলি কয় দেউৰীয়ে।সমান্তৰাল ভাৱে ৰামকান্ত দেউৰীয়ে ঘোষণা কৰে যে বিজেপিত সকলোৱে টিকট বিচাৰিব পাৰে, মোৰ লৰাই টিকট বিচাৰিব পাৰে। ভগবান আছে গতিকে মই টিকট পামেই।