অসম

অভাৱেই আৱিস্কাৰৰ মূলঃ মৰিগাঁৱৰ কৃষকে নিৰ্মাণ কৰি উলিয়ালে ভুঁই ৰোৱা মেছিন…

asomiyapratidin

ডিজিটেল সংবাদঃ অসমৰ কৃষক সকল নিজেই একোজন কৃষি বিজ্ঞানী। এই কথাকে প্ৰমান কৰি মৰিগাঁৱৰ এজন কৃষকে নিজেই সাঁজি উলিয়ালে ধানৰ কঠিয়া ৰোপন কৰা যন্ত্ৰ।সকলো ফালে কেৱল যান্ত্ৰিকতা। যান্ত্ৰিকতাৰ আৰু প্ৰতিযোগিতাৰ মাজত হেৰাই গৈছে নাঙল- জুৱলী। পথাৰত ট্ৰেক্টৰ পাৱাৰটিলাৰৰ জয় যাত্ৰা অব্যাহত। যান্ত্ৰিকতাৰ মাজত হেৰাই গৈছে ৰোৱনী ডাৱনী।

কৃষকে সময়ত ধান ৰুবলৈ বা ডাবলৈ এতিয়া গাঁৱত জাক জাক ৰোৱনী ডাৱনী বিচাৰি নাপাই। পালেও হাজিৰাতে বহু খৰছ হয়। ব্যয় বহুল ধান ৰোৱা মেচিন ক্ৰয় কৰাটো ক্ষুদ্ৰ কৃষকৰ বাবে কাল্পনিক। ৰোৱনীৰ অভাবৰ কথা ভাবিয়েই অৱশেষত মৰিগাঁৱৰ দিঘলবড়ী গাঁৱৰ উদ্ধৱ দেউৰীয়ে সাজি উলিয়ালে এটি সৰু ধান ৰোৱা মেচিন।

নিজে বনোৱা মেচিনেৰে এতিয়া উদ্ধবে ধান ৰোৱাত ব্যস্ত হৈ পৰিছে । উদ্ধৱৰ মতে প্ৰথম মেচিন টো বনাওতে কিছু বেছি খৰচ হৈছে যদিও বৰ্তমানে ৩ – ৪ হাজাৰতে নিৰ্মান কৰিব পৰা হব মেচিন টো। উজনো কম। ৬-৭ কেজি মান হে হব। ইন্ধন নোহোৱাকৈ চলিব মেচিন টো। উদ্ধৱৰ এনে উদ্ভাৱনে মৰিগাঁৱৰ কৃষকৰ মাজত এক নতুন প্ৰত্যাশা কঢ়িয়াই আনিছে।