morigaon deadbody
morigaon deadbody 
অসম

মৰিগাঁৱৰ মানিপুৰৰ গেলেৰী বিলত উদ্ধাৰ এটা মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্ক, মৰিগাঁও : মৰিগাঁও মানিপুৰৰ গেলেৰী বিলৰ পাৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। পুৱাই মানিপুৰ গেলগেলী বিলৰ মথাউৰিত এখন মটৰচাইকেল ৰখাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

স্থানীয় গাঁও প্ৰধানক খৱৰ দিয়াত মটৰচাইকেল খনৰ ওচৰলৈ আহোতে তেজৰ চেকুৰা দেখিবলৈ পোৱাত তাৎক্ষণিকভাৱে আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী।

মটৰচাইকেলখনৰ আশে-পাশে পৰি থকা তেজৰ চেকুৰাৰ লগতে কাষত থকা পুখুৰীৰ মেতেকাত কাপোৰ দেখা পাই এছ.ডি.আৰ.এফ বাহিনীক খৱৰ দিয়ে। ঘটনাস্থলীত এছ.ডি.আৰ.এফৰ লোক উপস্থিত হৈ পুখুৰীৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহটো মানিপুৰ ঔজাৰীবড়ীৰ চেনিৰাম দাস বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাস্থলীত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।