অসম

মৰিগাঁৱত পৌৰসভাৰ প্ৰতিমূৰ্তি দাহ কৰি আছুৰ প্ৰতিবাদ, শ্ৰীঘ্ৰে চহৰখনৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ দাবী…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও সদৰ ছাত্ৰ সন্থাই মঙলবাৰে চহৰৰ মাজমজিয়াত পৌৰসভাৰ প্ৰতিমূৰ্তি দাহ কৰে। পৌৰসভা মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মৰিগাঁৱৰ ৰাজপথ। কাৰণ এজাক বৰষুণ দিলে মৰিগাঁও চহৰত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ।

উল্লেখ্য যে, চহৰখনৰ নলাসমূহ পৰিষ্কাৰ নকৰাৰ লগতে নিৰ্মাণতো আসোঁৱাহৰ অভিযোগ কৰে ছাত্ৰ সন্থাই। যাৰ ফল ভুগিব লগা হৈছে মৰিগাঁওবাসী ৰাইজ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে। আনহাতে মৰিগাঁও চহৰত কৃত্ৰিম বানপানী হলে মৰিগাঁও পৌৰসভাই ইয়াৰ বাবে জগৰীয়া কৰে চিমপ্লেক্স নামৰ কোম্পানী তোক।

পৌৰসভাই অভিযোগ কৰি কয় যে, চিমপ্লেক্সৰ দায়িত্বত আছে পথ আৰু নলা নিৰ্মাণৰ কাম। সেয়েহে কোম্পানীটোৱে কাম নকৰাৰ বাবে এই পৰিস্থিতি হোৱা বুলি কয় মৰিগাঁও পৌৰসভাই। ইফালে প্ৰতিবাদ সাব্যস্ত কৰি আছু নেতৃত্বই কয় যে, প্ৰত্যাহ্বান পৌৰসভাৰ অভিযোগ সঁচা হয় তেন্তে তেওঁলোকে চিমপ্লেক্সৰ বিৰুদ্ধে গোচৰ দি দেখুৱাওক। ইফালে প্ৰতিবাদৰ মাজতে পৌৰসভা মৰিল, পৌৰসভা নিমাত বুলিও অভিযোগ কৰে উপস্থিত আছু সদস্যসকলে।