অসম

দৰঙত পুনৰ ৭জনৰ দেহত কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ১৭৩৭ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ জিলা স্বাস্থ্য বিভাগে দেওবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, দেওবাৰে দিনৰ ভাগত জিলাখনৰ ৭ জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।

এই সকলক ধৰি দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৭৩৭ জনলৈ বৃদ্ধি পাইছে। আনহাতে, শনিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ১১৮২ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।